গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্যপ্রযুক্তি বিভাগে আজি গ্রীষ্মকালীন ইন্টার্ণশ্বিপ কার্যসূচী ২০২৬ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্যপ্রযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ ২৮০গৰাকী শিক্ষার্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্ণিং, জেনেৰেটিভ এ-আই, নেচাৰেল লেংগুৱেজ প্ৰচেচিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা চায়েন্স, মাল্টিমিডিয়া, ভি এফ এক্স, এ-আই ফৰ কগনিচন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি ১১টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্রী ডাঃ পেগুৱে ৰাজ্যখনত তথ্যপ্রযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিবেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱপ্ৰজন্মৰ ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ’ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটটেল অর্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননীগোপাল মহন্তই অংশ লৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইন্টার্ণশ্বিপ কাৰ্যসূচী অহা ২২ জুলাইত অন্ত পৰিব তথ্যপ্রযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্রশিক্ষণ অনুষ্ঠিত হ’ব।
Assamese | June 29, 2026 6:42 PM | Guwahati University
গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্যপ্রযুক্তি বিভাগৰ গ্রীষ্মকালীন ইন্টার্ণশ্বিপ কার্যসূচীৰ শুভাৰম্ভ