গুৱাহাটী বিশ্ববিদ্যালয়ত ৫বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন

নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়।

ড° ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচার্য ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ গৌৰৱময় ঐতিহ্যৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয়, যে গুৱাহাটী বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি জ্ঞান কেন্দ্ৰ। এই শিক্ষানুষ্ঠানখনলৈ অহা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ ঐতিহ্য হৃদয়ংগম কৰা উচিত বুলিও উপাচার্য শ্ৰী মহন্তই মন্তব্য কৰে।

এই অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ শিক্ষার্থীসকলক শৃংখলা, আত্মবিশ্বাস, অধ্যাৱসায় আৰু দায়িত্ববোধৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ সন্মানেৰে সন্মানিত দুসাহসী ক্রীড়াবিদ মিনাক্ষি দাসে এই অনুষ্ঠান বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।