গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দুর্যোগ ব্যৱস্থাপনা যোগাযোগ বিষয়ক ১২ দিনীয়া প্রশিক্ষণমূলক কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে।
বিভাগৰ সন্মিলনকক্ষত আৰম্ভ হোৱা কাৰ্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক তথা ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়াই দুৰ্যোগৰ আশংকা, বিপদৰ উৎস, দুৰ্বলতা আৰু দুৰ্যোগৰ মোকাবিলা কৰাৰ সক্ষমতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড০ চন্দন কুমাৰ গোস্বামীয়ে দুৰ্যোগৰ বাতৰি পৰিবেশনৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ নৈতিকতাৰ বিষয়ে আলোকপাত কৰে।
এই অনুষ্ঠানতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যুটীয়া সঞ্চালক তথা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী অংকুৰ লাহোতিয়ে দুৰ্যোগৰ আগতীয়া প্ৰস্তুতি, জৰুৰীকালীন সঁহাৰি, পুনৰুদ্ধাৰ আৰু ক্ষয় ক্ষতিৰ প্ৰশমনত সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কে বক্তব্য আগববঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অংকুৰণ দত্তৰ উপস্থিতিত আদৰণি ভাষণ দিয়ে বিভাগৰ অধ্যাপিকা ড° ভাৰতী ভড়ালীয়ে।