August 14, 2026 8:01 PM | Bhupen hazarika

printer

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি দীপক সংঘৰ চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ ঐতিহ্যমণ্ডিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান দীপক সংঘই ব্যতিক্রমী চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰিছে। সুধাকণ্ঠৰ চিৰ যুগমীয়া গীতসমূহক ভিত্তি হিচাপে লৈ লক্ষজনে লক্ষ্য পোৱা তুলিকা তুলি লোৱানা শীৰ্ষক এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰু স্নাতক শ্ৰেণীৰ পৰা উচ্চ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতা কাইলৈ পুৱা ১০ বজাত দীপক সংঘৰ কার্যালয় প্ৰাংগণত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জনাইছে।