ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব

ভাৰতৰত্ন সন্মানেৰে সন্মানিত ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব।

এই অনুষ্ঠানত গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক তথা অসমীয়া সংস্কৃতিৰ মহীৰূহ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টি, মানৱতাবাদ আৰু সাংস্কৃতিক ঐক্যৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ’ব।

বিগত বৰ্ষৰ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত শুভাৰম্ভ কৰা এই বছৰজোৰা অনুষ্ঠানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।