বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব। ইয়াৰ অংশ হিচাপে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা কালি জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ প্ৰেক্ষাগৃহত হ’বলগীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন বৈঠকত মিলিত হয়।
বৈঠকত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ অধ্যাপক, প্রশাসনিক মুৰব্বী আৰু ছাত্ৰ সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে মহীৰূহগৰাকীৰ প্ৰতি উপযুক্ত শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে সংশ্লিষ্ট সকলোৰে আন্তৰিক সহযোগিতা আৰু সক্ৰিয় অংশগ্রহণ কামনা কৰিছে। ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সেইদিনাৰ জন্মদিনৰ কাৰ্যসূচীত ১০০ গৰাকী শিল্পীয়ে বিস্তীৰ্ণ পাৰৰে শীৰ্ষক গীতটি পৰিবেশন কৰিব।
এই অনুষ্ঠানতে শিল্পীগৰাকীৰ জীৱন পৰিক্ৰমা বিষয়ক এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আধাৰশিলাও এই অনুষ্ঠানৰ পৰাই স্থাপন কৰিব। একেদিনাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে ১০০খন পতাকা উত্তোলন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। এই দিনটোতে ৰাজ্যৰ বিদ্যালয়সমূহত সুধাকণ্ঠৰ গীত পৰিবেশন কৰা হ’ব।
নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ অমৰ সৃষ্টিৰাজি, মানৱতাবাদ আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা দেশজুৰি প্ৰচাৰ কৰা হ’ব। জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।