নিচামুক্ত ভাৰত অভিযানৰ অধীনত চিৰাং জিলা সমাজ কল্যান বিভাগৰ উদ্যোগত আৰু জিলা আৰক্ষীৰ সহযোগত আজি কাজলগাঁৱত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে এটা সজাগতা সমদল উলিওৱা হয়। জিলা আয়ুক্ত যতীন বৰাই মুকলি কৰা এই বাইক সমদলত দুশৰো অধিক লোকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ ভাষণত মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱ সন্দৰ্ভত বাৰ্তা প্ৰচাৰ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ সজাগতা বৃদ্ধিৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। এই ক্ষেত্ৰত সন্মিলিত প্রচেষ্টাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীবৰাই এখন সুস্থ আৰু মাদক দ্ৰব্য বিহীন সমাজ গঢ়ি তোলাৰ বাবে প্ৰশাসনৰ দায়বদ্ধতাত আলোকপাত কৰে।
Assamese | July 5, 2025 6:56 PM | Chirang
চিৰাঙত নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সমদল