কাৰ্বি আংলং জিলাত ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া খেল মহাৰণ তৃতীয় সংস্কৰণ-শিশু ক্ৰীড়া সমাৰোহ সফল কৰি তোলাৰ উদ্দেশ্যে আজি ডিফুত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়।
জিলা আয়ুক্ত কৃতি চাচ্চু’ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলা সমিতিৰ সদস্যসকল উপস্থিত থকাৰ লগতে জিলা ক্রীড়া বিভাগৰ বিষয়াসকলো উপস্থিত থাকে। এই বৈঠকত খেল মহাৰণৰ সকলো দিশ আলোচনা কৰা হয়। উল্লেখযোগ্য যে, এই ক্রীড়া সমাৰোহত শিশু আৰু নতুন প্ৰজন্মৰ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে।
ইপিনে, খেল মহাৰণ তৃতীয় সংস্কৰণৰ প্ৰস্তুতিৰ অগ্ৰগতি পর্যালোচনাৰ উদ্দেশ্যে তামুলপুৰ জিলা আয়ুক্তৰ সভাকক্ষত আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত হেমাশ্ৰী খনিকৰৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত জিলাখনত খেলুৱৈৰ পঞ্জীয়নৰ অগ্ৰগতি, বিদ্যালয়সমূহৰ অংশগ্রহণ, সংশ্লিষ্ট বিভাগসমূহৰ মাজত সমন্বয় স্থাপনৰ বিভিন্ন দিশ আলোচনা কৰা হয়।
জিলা আয়ুক্তগৰাকীয়ে সভাত কয়, যে বৰ্তমানলৈকে তামুলপুৰ জিলাত প্রায় ৬৭ হাজাৰ খেলুৱৈয়ে এইবেলিৰ খেল মহাৰণত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰিছে। যোৱা বৰ্ষত জিলাখনত সৰ্বমুঠ এক লাখ ২৭ হাজাৰ খেলুৱৈয়ে নিজৰ নাম পঞ্জীয়ন কৰিছিল।
পূৰ্বৰ বৰ্ষৰ তুলনাত এইবাৰ পঞ্জীয়নৰ সংখ্যা বৃদ্ধিৰ হোৱাত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলক অধিক তৎপৰতাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। এইবাৰৰ খেল মহাৰণত তামুলপুৰ জিলাৰ এহেজাৰ ২০০তকৈও অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
সভাত সহকাৰী আয়ুক্ত বিদিশা বৰা, ক্রীড়া সংস্থাৰ বিষয়ববীয়া, বিভিন্ন বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী, টি চি এল চিৰ অধ্যক্ষ আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে অহা ৭ নৱেম্বৰৰ পৰা অহা বৰ্ষৰ ১০ ফেব্ৰুৱাৰীলৈ খেল মহাৰণৰ তৃতীয় সংস্কৰণ অনুষ্ঠিত হ’ব।