November 2, 2024 12:58 PM | Karbi Anglong

printer

১৬ৰ পৰা ১৮ নৱেম্বৰলৈকে ষষ্ঠ অনুসূচী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিনিময় কার্যসূচী

ডিফুৰ সমীপৰ তাৰালাংছ‘ত কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চল ষষ্ঠ অনুসূচী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিনিময় কার্যসূচী অনুষ্ঠিত হ‘ব। ইতিমধ্যে ১৬ৰ পৰা ১৮ নৱেম্বৰলৈকে হ‘বলগীয়া এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আদৰণি সমিতিৰ ২৪টা কোষ গঠন কৰি বিভিন্ন দায়িত্ব অর্পণ কৰা হৈছে। সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত ১৯৯১ চনৰ ১৭ নৱেম্বৰত কাৰ্বি আংলং জিলা গঠন কৰা হৈছিল।