কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল’বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সাংসদ অমৰ সিং টিছ’ৱে কাৰ্বি মহোৎসৱৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ এই মহোৎসৱে অগণন লোকক আকৰ্ষিত কৰে বুলি তেওঁ মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছতে বিভিন্ন মঞ্চত কাৰ্বিসকলৰ পৰম্পৰাগত লোকনৃত্য, গীত-মাত প্রতিযোগিতা আয়োজিত হয়। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে কাৰ্বি লোক সংস্কৃতিৰ আদিগুৰু ৰাংচিনা চাৰপ’ক আৰাধনা কৰা হয়। ইয়াৰ পাছতে বর্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৬ সহস্ৰাধিক কাৰ্বি শিল্পী, ডেকা-গাভৰুৱে অংশগ্ৰহণ কৰে।
Assamese | February 17, 2025 6:18 PM | Akashvani | Diphu | Karbi Anglong | karbi youth festival
তাৰালাংছত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত