কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পদৰ বাবে চিনঠং সমষ্টিৰ এম এ চি অভিজিত ক্ৰ’য়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। বিধায়িনী দপ্তৰৰ যুটীয়া সচিবৰ হাতত মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাম, সাংসদ অমৰ সিং টিছো, কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু এম এ চি উপস্থিত থাকে। অহা ২৪ ফেব্ৰুৱাৰীত পৰিষদৰ চেছন হলত উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বিগত বৰ্ষৰ অক্টোবৰ মাহত উপাধ্যক্ষ অজিত কুমাৰ দেৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদটো খালী হৈ আছিল।
Assamese | February 21, 2025 6:56 PM | Karbi Anglong
কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উপাধ্যক্ষ পদৰ বাবে অভিজিত ক্ৰ’য়ৰ মনোনয়ন পত্ৰ দাখিল