বিশ্বনাথ জিলাৰ বিহালীত দেওবাৰৰ পৰা অনুষ্ঠিত কাৰ্বি জনগোষ্ঠীৰ ৩৪ সংখ্যক মাণ্ডলিক যুৱ মহোৎসৱৰ আজি সামৰণি পৰিব।
১৯৭৪ চনৰ পৰাই কাৰ্বি সাংস্কৃতিক সমাজে এই উৎসৱৰ আয়োজন কৰি আহিছে।
এই উপলক্ষে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি, ভাষা, সাজ-পাৰ, খাদ্য, পৰম্পৰাগত খেল-ধেমালি, সংৰক্ষণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে ভালেমান কাৰ্যসূচী লোৱা হৈছে।
তদুপৰি থলুৱা খাদ্য সম্ভাৰৰ প্ৰদৰ্শনী, পৰম্পৰাগত নৃত্য আৰু থলুৱা খেল ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।