November 25, 2025 12:47 PM

views 58

কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা অসম মন্ত্ৰীসভাৰ প্ৰস্তাৱক আদৰণি কাৰ্বি আংলঙৰ ৬ প্রাক্তন বিদ্রোহী সংগঠনৰ

■ অসম মন্ত্ৰীসভাই ভৈয়ামৰ কাৰ্বিসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠন কৰিবলৈ লোৱা প্ৰস্তাৱক কাৰ্বি আংলং জিলাৰ ছটা প্রাক্তন বিদ্রোহী সংগঠনৰ নেতৃবৰ্গই আদৰণি জনাইছে। কালি ডিফুত এখন সংবাদমেলত এই নেতাসকলে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে লগতে শান্তি চুক্তিৰ নিৰ্দিষ্ট দফা অনুসৰি ভৈয়ামৰ কাৰ্বিসকলক ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত কৰাৰ দাবীও শীঘ্ৰে পূৰণ হ'ব বুলি আশা প্রকাশ কৰে। তেওঁলোকে কয়, যে ছটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ ৮০ শতাংশ ইতিমধ্যে পূৰণ হৈছে আৰু ২০ শতাংশ পৰৱৰ্তী চৰ...

October 28, 2025 6:56 PM

views 77

তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন

পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং তিৱা সাংস্কৃতিক আঞ্চলিক সমিতিৰ উদ্যোগত আজি তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ অষ্টাদশ লাংখন উৎসৱ উদযাপন কৰা হয়। তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত লখিমীক আদৰা এই উৎসৱৰ লগত সংগতি ৰাখি সাতডাল লাংখন অর্থাৎ বাঁহেৰে সাতপুৰুষক শ্রদ্ধাঞ্জলি জনোৱা হয়। জিলাখনৰ তৰাডুবিৰ বৰঘাটত অনুষ্ঠিত এই উৎসৱৰ লগত সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক দলে লাংখন নৃত্য প্রদর্শন কৰে।

October 16, 2025 12:32 PM

views 70

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান আদিবাসী কাৰ্বি, খিলঞ্জীয়া জনজাতিক ভূমিপট্টা বিতৰণৰ পদক্ষেপ গ্ৰহণ

কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত বাস কৰা প্ৰধান আদিবাসী কাৰ্বিকে ধৰি খিলঞ্জীয়া জনজাতিৰ লোকসকলক দ্বিতীয় পৰ্যায়ৰ পুথিমি আকেমাং আঁচনিৰ অধীনত বিনামূলীয়াকৈ ভূমি পট্টা বিতৰণ কৰিবলৈ পৰিষদৰ ভূমি আৰু ৰাজহ বিভাগে প্রয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই আঁচনিৰ অংশ হিচাপে পৰিষদীয় মুঠ ২৬ টা সমষ্টিত ভূমিপট্টাৰ পৰা বঞ্চিত জিলাখনৰ লোকসকলৰ মাজত বিনামূলীয়া ভূমিপট্টা বিতৰণৰ কাৰ্যসূচী আজি পৰিষদীয় বিথুং ৰেংথামা সমষ্টিৰ পৰা শুভাৰম্ভ কৰা হ'ব। অহা বছৰ ৩০ জানুৱাৰীত এই আঁচনিৰ...

October 8, 2025 8:41 PM

views 71

কাৰ্বি আংলং জিলাত শুকুৰবাৰে ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

কাৰ্বি আংলং জিলাত পৰহিলৈ ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। জিলাখনত ৯০ হাজাৰতকৈ অধিক শিশুক সামৰি মুঠ ৬৫৪ টা পলিঅ' বুথত এই খোৰাক দিবৰ বাবে ২ হেজাৰ ৫৬০ গৰাকী কৰ্মী নিয়োজিত কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত আয়োজিত জিলা টাস্ক ফোৰ্চৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সচিব ৰাজেশন টেৰাঙে এই কথা সদৰি কৰে। তেওঁ কয়, যে আমাৰ দেশত পলিঅ' ৰোগ সম্পূৰ্ণ শেষ হোৱা নাই। সেয়ে উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযান আৰম্ভ কৰিব লগা হৈছে। সভাত উপস্থিত থকা শিক্ষা বিভাগ ...

August 11, 2025 12:28 PM

views 70

পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ তিৰংগা যাত্ৰা কাৰ্যসূচী

● পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানী আৰু লাংপি শিশু বিদ্যা নিকেতনৰ সহযোগত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাৰ্বত্য জিলাখনৰ লেঙেৰীত অনুষ্ঠিত এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত তিৰংগা যাত্ৰাৰ উপৰি প্ৰতিটো ঘৰতে জাতীয় পতাকা উৰুৱাই স্বাধীনতাৰ গৌৰৱ অনুভৱ কৰিবৰ বাবে ১২৮ নম্বৰ বেটেলিয়নৰ সহকাৰী সেনাধ্যক্ষ এল শ্বেৰত’ৱে আহ্বান জনাইছে।

July 18, 2025 1:21 PM

views 70

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হ'ল। ক’ভিৰ সংক্ৰমণৰ সময়ত এই ৰে’লখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰেপৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তে...

July 11, 2025 11:07 AM

views 56

বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে কাৰ্বি আংলঙত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

● দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বুজ লোৱাৰ উদ্দেশ্যে জিলাখনৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰিব। তেওঁ ডিফু চহৰৰ পৰা ২৫ কিলোমিটাৰ নিলগৰ লংনিত, মহংডিজুৱা আৰু মাঞ্জাত জলজীৱন মিছন আৰু অন্যান্য উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ ল'ব। উল্লেখযোগ্য যে, ৰাজ্যপালগৰাকীয়ে কালি কাৰ্বি আংলঙত উপস্থিত হৈ জিলাখনৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে মত বিনিময় কৰে। পদ্মশ্ৰী সন্মানপ্রাপক, আগশাৰীৰ খেলুৱৈ, সমাজকৰ্মী আৰু স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে হো...

July 5, 2025 7:18 PM

views 49

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ সভাকক্ষত আজি জিলা শিশু সুৰক্ষা গোটৰ উদ্যোগত আজি এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা প্রশাসনৰ সহকাৰী আয়ুক্ত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ সঞ্চালনাত আয়োজিত এই সভাত বাল্য বিবাহ, শিশু শ্রমিক, শিশু সৰবৰাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱন বিষয়ত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানত খেৰণি অঞ্চলৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে।

July 4, 2025 12:43 PM

views 51

দংকামোকামত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু

পশ্চিম কাৰ্বি আংলং জিলাৰ দংকামোকামত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী চিকিৎসকৰ মৃত্যু হয়। কালি সন্ধিয়া প্ৰবল বৰষুণ আৰু বিজুলী-ঢেৰেকনীৰ বাবে ইনভার্টাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ যোৱাৰ সময়তে বিদ্যুৎ পৰিবাহী ছকেটত লাগি চিকিৎসকগৰাকীৰ থিতাতে মৃত্যু হয়। মৃত ৰূপলিন ৰংপিপি নামৰ চিকিৎসকগৰাকী ওমপানাই খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তৰ্গত অতি দুর্গম অঞ্চল ক্ৰকেংদাঙত সমূহীয়া চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল। ইপিনে কালি বিজুলী-ঢেৰেকনীত বৈথালাংছোৰ পুঞ্জা গাঁৱৰ ভালেকইগৰাকী লোক গুৰুতৰভাৱে আহত হোৱা বুলি আমাৰ পশ্...

July 2, 2025 8:09 PM

views 53

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত জিলাখনৰ প্ৰথমটো সৰ্পদংশনৰ চিকিৎসা কেন্দ্ৰ মুকলি

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আজি জিলাখনৰ প্ৰথমটো সৰ্পদংশনৰ চিকিৎসা কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ কোনো লোকক সৰ্পই দংশন কৰিলে ততালিকে এই কেন্দ্ৰলৈ আনিবলৈ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জগত সিং তেৰণে আহ্বান জনায়। পৰৱৰ্তী সময়ত জিলাখনৰ প্ৰতিখন চিকিৎসালয়ত সর্প দংশন চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি তেঁও প্ৰকাশ কৰে ।