June 26, 2025 8:50 PM
44
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত পৰম্পৰাগত বিচাৰ পদ্ধতি সূচাৰুৰূপে প্ৰৱৰ্তনৰ বাবে ২০০০ চনৰ স্বায়ত্তশাসিত পৰিষদ আইন কাৰ্যকৰীকৰণৰ সিদ্ধান্ত
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে জিলাখনত পৰম্পৰাগত বিচাৰ পদ্ধতি সূচাৰুৰূপে প্ৰৱৰ্তনৰ বাবে ২০০০ চনৰ স্বায়ত্তশাসিত পৰিষদ আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। আজি ডিফুত অনুষ্ঠিত পৰিষদৰ অধিৱেশন কক্ষত অনুষ্ঠিত ২৫১ সংখ্যক অধিৱেশনত ৰাজ্যপালে অনুমোদন জনোৱা স্বায়ত্তশাসিত পৰিষদ বিধেয়কখনৰ ৪ নম্বৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাত সেউজ সংকেত দিয়া হয়। আজি পৰিষদৰ অধ্যক্ষ ৰাজু তিচ'ৰ অধ্যক্ষতাত অনুষ্ঠিত অধিৱেশনত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দাখিল কৰা ২০২৫-২৬ বৰ্ষৰ অতিৰিক্ত লেখাদানতো সদনে সর্বসন্মতিক্রমে অনুমো...