অসমৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আজি ইয়াৰ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক দিৱস পালন কৰিছে। কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ডিফু চহৰৰ ছাৰছিং টেন লাংকুং হাবে টাউন হলত পুৱা প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিধায়ক ৰূপচিং টেৰণ আৰু কাৰ্বি ৰজা লংচিং ৰংহাঙো উপস্থিত আছে।
Assamese | June 23, 2025 5:47 PM | Akashvani | Karbi Anglong | Local news
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক দিৱস পালন