পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি অঞ্চলত আজিৰে পৰা দুমাহজোৰা কাৰ্যসূচীৰে শিশুৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে অংগনৱাড়ী কৰ্মীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ সৌজন্যত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত অনুষ্ঠিত এই প্রশিক্ষণ শিবিৰত জিলাখনৰ ৰংখাং আৰু ছ’ছেং খণ্ডৰ অর্ধশতাধিক অংগনৱাড়ী কৰ্মীয়ে অংশগ্ৰহণ কৰে। এই প্ৰশিক্ষণ শিবিৰত বিশেষকৈ শিশুৰ শাৰীৰিক, সামাজিক, আৱেগিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি ৰংখাং শিশু উন্নয়ন প্রকল্প বিষয়াই প্ৰকাশ কৰিছে।
Assamese | June 30, 2025 7:11 PM | Akashvani | Karbi Anglong | Local news
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দুমাহজোৰা কাৰ্যসূচীৰে শিশুৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ লক্ষ্যৰে অংগনৱাড়ী কৰ্মীসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত