পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আজি জিলাখনৰ প্ৰথমটো সৰ্পদংশনৰ চিকিৎসা কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনৰ কোনো লোকক সৰ্পই দংশন কৰিলে ততালিকে এই কেন্দ্ৰলৈ আনিবলৈ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জগত সিং তেৰণে আহ্বান জনায়। পৰৱৰ্তী সময়ত জিলাখনৰ প্ৰতিখন চিকিৎসালয়ত সর্প দংশন চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি তেঁও প্ৰকাশ কৰে ।
Assamese | July 2, 2025 8:09 PM | Karbi Anglong
পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত জিলাখনৰ প্ৰথমটো সৰ্পদংশনৰ চিকিৎসা কেন্দ্ৰ মুকলি