কাৰ্বি আংলং জিলাত পৰহিলৈ ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব। জিলাখনত ৯০ হাজাৰতকৈ অধিক শিশুক সামৰি মুঠ ৬৫৪ টা পলিঅ’ বুথত এই খোৰাক দিবৰ বাবে ২ হেজাৰ ৫৬০ গৰাকী কৰ্মী নিয়োজিত কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত আয়োজিত জিলা টাস্ক ফোৰ্চৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ যুটীয়া সচিব ৰাজেশন টেৰাঙে এই কথা সদৰি কৰে। তেওঁ কয়, যে আমাৰ দেশত পলিঅ’ ৰোগ সম্পূৰ্ণ শেষ হোৱা নাই। সেয়ে উপ ৰাষ্ট্ৰীয় প্ৰতিষেধক অভিযান আৰম্ভ কৰিব লগা হৈছে। সভাত উপস্থিত থকা শিক্ষা বিভাগ আৰু সমাজ কল্যান বিভাগৰ বিষয়ববীয়াসকলকো প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচীত সহযোগ কৰিবলৈ যুটীয়া সচিবগৰাকীয়ে আহ্বান জনায়।
Assamese | October 8, 2025 8:41 PM | Akashvani | Karbi Anglong | Polio Vaccine
কাৰ্বি আংলং জিলাত শুকুৰবাৰে ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব