September 11, 2026 8:19 PM | Karbi Anglong

printer

পশ্চিম কাৰ্বি আংলং জিলাত লোকপিয়ল সন্দৰ্ভত পৰ্য্যালোচনা সভা অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলং জিলাৰ হামেৰণস্থিত জিলা আয়ুক্তৰ কাৰ্য্যালয়ত আজি ৰাজ্যখনৰ লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগু উপস্থিত হয়। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্য্যালোচনা সভাত অংশ গ্রহণ কৰি তেওঁ লোকপিয়লৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ লগতে সাংবাদিক সকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়ল সন্দৰ্ভতো মত প্ৰকাশ কৰে।