মিজোৰামৰ ফাল্কানৰ জোখোৱাত অৱস্থিত মিজো গ্রাম্য সমাজক আধাৰ কৰি স্থাপন কৰা লিভিং মিউজিয়াম বা জীৱন্ত সংগ্ৰহালয়ত দর্শনার্থীসকলক পৰম্পৰাগত মিজো ৰীতি-নীতি আৰু জীৱন ধাৰণৰ পদ্ধতি প্রত্যক্ষভাবে উপভোগ কৰাৰ সুযোগ প্রদান কৰা হৈছে। সেয়ে সংগ্ৰহালয়টো মুকলি কৰা দিনৰে পৰা যথেষ্ট সংখ্যক দৰ্শকৰ সঁহাৰি লাভ কৰিছে। কলা আৰু সংস্কৃতি বিভাগে স্থাপন কৰা এই মিজো টিপিকেল ভিলেজৰ লক্ষ্য হৈছে নৱ প্ৰজন্মক তেওঁলোকৰ পূৰ্ব পুৰুষৰ জীৱন আৰু পৰম্পৰাৰ ব্যৱহাৰিক আভাস দিয়া। ইয়াৰ উপৰিও স্কুলীয়া শিক্ষার্থীৰ বাবে এই সংগ্রহালয়ে শৈক্ষিক সম্পদ হিচাপে কাম কৰি তেওঁলোকৰ পাঠ্যপুথিত উল্লেখ কৰা বিষয়সমূহ ভালদৰে বুজি উঠাত সহায় কৰিছে। দর্শকসকলে স্থানীয়ভাবে নির্মিত মিজো হস্ত শিল্প দৰ্শন কৰাৰ লগতে ইয়াক ক্ৰয় কৰাৰ ব্যৱস্থাও আছে। ইয়াৰ জৰিয়তে স্থানীয় বাসিন্দা আৰু শিক্ষার্থীসকলে আর্থিকভাৱে লাভান্বিত হ’ব পাৰিছে।
মিজো সংস্কৃতি সন্দৰ্ভত অধিক তথ্য জনোৱাৰ বাবে দর্শনার্থীসকলক প্রতি শনিবাৰে ১০০ টকা প্ৰৱেশ মাচুলৰ বিনিময়ত মিজো ৰীতি-নীতি আৰু পৰম্পৰাৰ লাইভ প্ৰদৰ্শন কৰা হয়। পৰম্পৰাগত প্ৰথাৰ প্ৰদৰ্শনৰ লগতে লোক সংগীত আৰু নৃত্যৰ সৈতে সাংস্কৃতিক কার্যসূচীও এই প্রদর্শনীও পৰিৱেশন কৰা হয়।
ৰাজ্যখনৰ কলা আৰু সংস্কৃতি বিভাগৰ বিষয়াসকলে প্রকাশ কৰে যে মিজোৰামৰ বাহিৰৰ পৰা অহা দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা আৰু বাসিন্দাসকলৰ মাজত স্থানীয় পৰ্যটনৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ লোৱা হৈছে। বিষয়াসকলে কয়, যে দর্শনার্থীসকলৰ মিজো সংস্কৃতিক প্রত্যক্ষভাৱে সুযোগ প্রদান কৰাৰ লগতে পৰম্পৰাগত ৰীতি-নীতি আৰু প্ৰথা সংৰক্ষণ আৰু প্ৰচাৰত সহায় কৰাৰ বাবে এই সংগ্ৰহালয় স্থাপন কৰা হৈছে।
এই সংগ্রহালয়ত অনুষ্ঠিত কাৰ্যসূচীসমূহৰ ভিতৰত পৰম্পৰাগত গাঁৱৰ জীৱনৰ প্ৰদৰ্শন, পৰম্পৰাগত নৃত্য, লোকগীত আৰু নৃত্য, থলুৱা খেল, পৰম্পৰাগত মিজো খাদ্য আৰু পৰম্পৰাগত সাজ-পোছাক আদিৰ প্ৰদৰ্শন অন্যতম।