চিৰাং জিলাৰ সদৰ কাজলগাঁৱত অহা ২৫ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰ ৬৬ সংখ্যক শ্রীশ্রী লক্ষ্মী পূজা আৰু মেলা অনুষ্ঠিত হ’ব। অঞ্চলটোৰ জনসাধাৰণৰ মাজত ঐক্য, শান্তি, সম্প্রীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ উদ্দেশ্যৰে ১৯৭১ চনৰ পৰা জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে এই পুজা আৰু মেলা উদযাপন কৰি অহা হৈছে। অনৈক্যৰ মাজত ঐক্যৰ বাৰ্তাৰ কঢ়িয়াই অনা কাজলগাঁৱৰ এই ঐতিহ্যমণ্ডিত পূজা আৰু মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এখন ৫১ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হৈছে। ইপিনে এই পূজা আৰু মেলা উপলক্ষে সাংস্কৃতিক সন্ধিয়াকে ধৰি শিক্ষার্থীসকলক উৎসাহিত কৰাৰ অৰ্থে চিত্রাংকন, কুইজ, আকস্মিক বক্তৃতা আদি প্রতিযোগিতা অনুষ্ঠিত হ’ব বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে।
Assamese | October 20, 2026 1:28 PM | Laksmi Puja
কাজলগাঁৱত অহা ২৫ অক্টোবৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে শ্রীশ্রী লক্ষ্মী পূজা