October 20, 2026 1:32 PM | World Osteoporosis Day

printer

আজি বিশ্ব অষ্টিঅপৰাচিছ দিৱস

আজি বিশ্ব অষ্টিঅপৰাচিছ দিৱস। হাড়ৰ স্বাস্থ্য সুৰক্ষিত ৰখা সন্দৰ্ভত জন সচেতনতা বৃদ্ধি আৰু সময়মতে প্ৰতিৰোধ গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিবছৰে ২০ অক্টোবৰৰ দিনটোত বিশ্ব অষ্টিঅপৰাচিছ দিৱস পালন কৰি অহা হৈছে। এই বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে Build, Protect, Strengthen your Bones for life অর্থাৎ জীৱনৰ বাবে আপোনাৰ হাড়সমূহ গঢ়ি তোলক, সুৰক্ষিত ৰাখক আৰু শক্তিশালী কৰক। সঠিক খাদ্যাভ্যাস আৰু ব্যায়ামৰ জৰিয়তে হাড় শক্তিশালী কৰি গঢ়ি তুলিব পাৰি। সৱল আৰু ৰোগমুক্ত দেহৰ বাবে শক্তিশালী হাড়ৰ প্ৰয়োজনীয়তা সন্দর্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে বিশ্বৰ অন্যান্য দেশসমূহৰ লগতে ভাৰততো এই দিৱস পালন কৰি অহা হৈছে।