October 20, 2026 1:26 PM | Dry Day

printer

বিজয়া দশমী উপলক্ষে কাইলৈ বজালী, বৰপেটা আৰু যোৰহাটত ড্রাই ডে ঘোষণা

দুর্গা পূজাৰ বিজয়া দশমী উপলক্ষে কাইলৈ বজালী, বৰপেটা আৰু যোৰহাটত ড্রাই ডে ঘোষণা কৰা হৈছে। বজালীৰ জিলা দণ্ডাধীশ মধুমিতা ভাগৱতীয়ে জাৰি কৰা এটা নিৰ্দেশ অনুসৰি কাইলৈ জিলাখনৰ সুৰাৰ খুচুৰা বিপণীসমূহ বন্ধ থাকিব। জিলাখনত শান্তি, শৃংখলা আৰু আইন পৰিস্থিতি বজাই ৰখাৰ অৰ্থে অসম আবকাৰী আইন ২০০০ৰ অধীনত এই নির্দেশ জাৰি কৰা হৈছে।

ইপিনে বৰপেটাৰ জিলা আয়ুক্ত নৱদীপ পাঠকে কাইলৈ বৰপেটাত ড্রাই ডে ঘোষণা কৰিছে। এটা নির্দেশনাত আয়ুক্তগৰাকীয়ে কাইলৈ সমগ্র জিলাতে নিচাযুক্ত দ্ৰব্যৰ বিক্ৰী, বিতৰণ আৰু পৰিৱেশন সম্পপূর্ণরূপে নিষিদ্ধ কৰা বুলি উল্লেখ কৰিছে। অনুজ্ঞাপত্ৰ নথকা চৌহদত সুৰা মজুত কৰাৰ ক্ষেত্ৰতো নির্দেশনাটোত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নির্দেশনা উলংঘা কৰিলে অসম আবকাৰী আইন আৰু নিয়মৰ প্ৰসংগিক বিধান অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

যোৰহাট জিলাতো কাইলৈ বিজয় দশমী উপলক্ষে জিলা প্রশাসনে ড্রাই ডে ঘোষণা কৰিছে।