August 11, 2026 12:50 PM

views 27

কলম্বিয়াৰ দক্ষিণ অংশত ৭.৪ প্রাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও ১১১ জন লোকৰ মৃত্যুৰ লগতে ৮৭ গৰাকী লোক আহত

কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা ৭.৪ প্রাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও ১১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮৭ গৰাকী লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূগভীয় সমীক্ষাই- ইউ এছ জিঅ'লজিকেল ছাৰ্ভে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাজধানী বগতাৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈৰ পশ্চিমত ছেন জোছ ডেল পামেৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। শক্তিশালী ভূমিকম্পটোত ১০০তকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৃহৎ ফাঁটবোৰত ভালে সংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় বাসিন্দাই দুর্গতসকলক উদ্ধাৰৰ বাবে ...

June 8, 2026 7:41 PM

views 35

ফিলিপাইনছত ৭.৮ প্রাবল্যৰ ভূমিকম্পত কমেও ৩২ জন লোকৰ মৃত্যু

ফিলিপাইনছত আজি পুৱা দক্ষিণ অঞ্চলৰ উপকূলৰ দূৰৱৰ্তী অঞ্চলত অহা ৭.৮ প্রাবল্যৰ ভূমিকম্পত কমেও ৩২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০ জন আহত হৈছে। জেনেৰেল সন্তোষ চহৰত ভূমিকম্পৰ ফলত বহু বাসগৃহৰ ধবসংস্তুপত পৰিণত হোৱাৰ লগতে ভূমিকম্পৰ ফলত অহা চুনামিয়ে উপকুলীয় গাওঁসমূহত বিস্তৰ ক্ষতিসাধন কৰে। ইন্দোনেচিয়া, পালাওতো ভূমিকম্পৰ মৃদু জোকাৰণি অনুভুত হয়। স্থানীয় কৰ্তৃপক্ষই ভূমিকম্প প্রভাৱিত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

June 8, 2026 12:38 PM

views 42

অসমৰ বিভিন্ন ঠাইত ভূটানৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

ভূটানত যোৱানিশা ৰিখটাৰ স্কেলত ৫ দশমিক ৮ প্রাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূইকঁপ কেন্দ্ৰৰ তথ্য অনুসৰি ভূটানৰ পুনাখা অঞ্চলৰ সমীপত ভূ-গৰ্ভৰ ২৬ কিলোমিটাৰ গভীৰত ভাৰতীয় সময় অনুসৰি ১১ বাজি ৬ মিনিটত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ পাছত ২ দশমিক ৮ আৰু ২ দশমিক ৪ প্রাবল্যৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় বুলি ৰাষ্ট্ৰীয় ভূঁইকঁপ কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে। ভূমিকম্পত কোনো ক্ষয়-ক্ষতি বা প্রাণহানিৰ বাতৰি পোৱা হোৱা নাই। ভূটানৰ ভূমিকম্পৰ জোকাৰণি ছিকিম, উত্তৰ বংগ আৰু অসমৰ বিভিন্ন ঠাইত অনুভূত হ...

January 5, 2026 12:54 PM

views 59

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫.১ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰণি

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক আজি পুৱা ৪ বাজি ১৭ মিনিটত ৫ দশমিক ১ প্রাবল্যৰ মজলীয়া ভূমিকম্পই জোকাৰি যায়। ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ ধিং অঞ্চলত ভূ-পৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ গভীৰত বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰণি বাংলাদেশ, ভূটান, নেপালতো অনুভূত হয়।

December 27, 2025 8:21 PM

views 57

অসমত আজি সন্ধিয়া প্রায় ৬.১২ মিনিটত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভুত

অসমত আজি সন্ধিয়া প্রায় ৬.১২ মিনিটত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৪.২ বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা ১৩ কিলোমিটাৰ নিলগত বুলি কোৱা হৈছে। অৱশ্যে এতিয়ালৈ এই ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ তথ্য পোৱা হোৱা নাই৷

October 17, 2025 12:11 PM

views 77

বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী

● অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বিদ্যালয় শিক্ষা বিভাগ আৰু ইউনিচেফৰ সহযোগত ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ল'বলগীয়া সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে বিদ্যালয়সমূহত দা গ্রেট আছাম স্কুল শ্বেকআউট প্র’গ্রাম শীর্ষক বিশেষ কার্যসূচী হাতত লৈছে। আন্তঃৰাষ্ট্ৰীয় আলোড়ন দিৱস উপলক্ষে কালি গুৱাহাটীত এই কাৰ্যসূচী মুকলি কৰা হয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কাৰ্যসূচী মুকলি কৰি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এই পদক্ষেপৰ শলাগ লয...

October 1, 2025 9:29 PM

views 76

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি

দ্বীপৰাষ্ট্র ফিলিপাইনছৰ মধ্য অঞ্চলত হোৱা ভূমিকম্পত নিহতৰ সংখ্যা ৬৯লৈ বৃদ্ধি হৈছে। দেশখনৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰশাসনে এতিয়াও সন্ধানহীন লোকসকলৰ পৰিচয় উলিয়াবলৈ যত্ন কৰি আছে। ভূমিকম্পত ভাগি পৰা ঘৰ-বাৰীৰ ধ্বংসস্তুপত এতিয়াও বহুলোক আবদ্ধ হৈ থকা বুলি খবৰ পোৱা গৈছে। দেশখনৰ মধ্য অঞ্চলৰ ৱিছায়াছ অঞ্চলৰ উপকূলীয় মহানগৰ ছেবুত যোৱানিশা ৬.৯ ৰিখটাৰ স্কেল প্রাবল্যৰ এটা শক্তিশালী ভূমিকম্পই জোঁকাৰি যায়। ভূমিকম্পৰ ফলত ডেৰশৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ জোকাৰনি কাষৰীয...

September 15, 2025 12:03 PM

views 83

ৰাজ্যত কালি ৫.৯ প্রাবল্যৰ ভূমিকম্প; কেইবাটাও স্থানত দেৱাল, মজিয়া, চিলিঙৰ ক্ষতি

ৰাজ্যত কালি বিয়লি অনুভূত হোৱা ৫ দশমিক ৯ প্রাবল্যৰ ভূমিকম্পৰ ফলত বিভিন্ন স্থানত কিছু ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। ভূমিকম্পৰ ফলত ৰাজ্যৰ কেইবাটাও স্থানত দেৱাল আৰু মজিয়াত ফাট মেলা, চিলিং খহি পৰাকে ধৰি বিভিন্ন ক্ষয়-ক্ষতি হয়। ভূমিকম্পৰ আতংকৰ বাবে কালি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেজপুৰত ৫০ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। য়াছমিন খানম নামৰ মহিলাগৰাকী ভীতিগ্ৰস্ত হৈ অচেতন হৈ পৰিছিল। ভূমিকম্পত নগাঁও চহৰৰ নুৰুল আমিন ইনড'ৰ ষ্টেডিয়ামৰ চিলিং ভাঙি পৰে। পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী...

September 1, 2025 2:55 PM

views 78

আফগানিস্তানৰ কুনাৰ প্ৰদেশত ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু

● আফগানিস্তানৰ জালালাবাদ নগৰৰ সমীপৰ কুনাৰ প্ৰদেশত কালি হোৱা এটা ভূমিকম্পত কমেও ২৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ জন লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক সমীক্ষা মতে ৰিখাৰ স্কেলত ৬ প্রাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ নানগাৰহাৰ প্ৰদেশৰ জালালাবাদ নগৰৰ ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবত বুলি কোৱা হৈছে। কুনাৰ দুৰ্যোগ্য ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে নুৰ্গুল, চোকী, ৱাতপুৰ, মানোগি আৰু চানাডাৰা জিলাত কমেও ২৩০ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৫০০ জন আহত হৈছে। পাকিস্তান আৰু ভাৰতৰ ৰাজধানী দিল্লীৰ লগতে উ...

April 9, 2025 8:32 AM

views 68

ম্যানমাৰত বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫ লৈ বৃদ্ধি

■ ম্যানমাৰত শেহতীয়াকৈ অহা ৭.৭ প্রাবল্যৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৬৪৫লৈ বৃদ্ধি পাইছে। দেশখনৰ প্ৰশাসনিক পৰিষদে প্ৰকাশ কৰা অনুসৰি এই ভূমিকম্পত কমেও ৫,০১৭ জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু ১৪৮ জন এতিয়াও সন্ধানহীন হৈ আছে। যোৱা ২৮ মাৰ্চত জোকাৰি যোৱা দুটাকৈ বিধ্বংসী ভূমিকম্পৰ পৰৱৰ্তী সময়ছোৱাত বৰ্তমানলৈকে ২.৮ৰ পৰা ৭.৫ প্রাবল্যৰ মুঠ ৯৮টা জোকাৰণি অনুভূত হৈছে বুলি ম্যানমাৰৰ বতৰ বিজ্ঞান আৰু জল বিজ্ঞান বিভাগে জানিবলৈ দিছে। এই ভূমিকম্পত দেশখনৰ প্ৰায়বোৰ অঞ্চলত বিশেষকৈ ৩খন মূল চহৰ ছাগায়িং, মা...