তিব্বতৰ বাকেন প্ৰদেশত ৰিখটাৰ স্কেলত ৭ প্ৰাৱল্যৰ ভূমিকম্পত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জনৰো অধিক লোক আহত

তিব্বতৰ নাগকু চহৰৰ বাকেন প্ৰদেশত কালি সন্ধিয়া ৰিখটাৰ স্কেলত ৭ প্ৰাৱল্যৰ ভূমিকম্পত ১৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৪ জনৰো অধিক লোক আহত হয়। ভূমিকম্পত কেইবাশ বাসগৃহ ধ্বংস হোৱাৰ লগতে শিল খহি পৰে। ক্ষতিগ্রস্ত স্থানত ১,৬০০ৰো অধিক সুৰক্ষা বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই আছে।

নাগকু সংবাদ মাধ্যমৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে ভূমিকম্পত কমেও ৩৩৯ টা বাসগৃহ ধ্বংস হোৱাৰ লগতে পশুধন ৰখা ২০ টা স্থান ক্ষতিগ্রস্ত হয়। অঞ্চলটোৰ বিভিন্ন অংশত যোগাযোগ ব্যাহত হৈ পৰাৰ উপৰি ৰে’ল কৰ্তৃপক্ষই সতর্কতামূলক ব্যৱস্থা হিচাপে ৰে’ল সেৱাও বাতিল কৰিছে। ইপিনে, বতৰ বিজ্ঞানে অঞ্চলটোত অহা ৩ দিনত অলপ অলপকৈ হিমস্খলনৰ সম্ভাৱনা প্ৰকাশ কৰাত ভূমিকম্পৰ ফলত গৃহহাৰা হোৱা লোক তথা উদ্ধাৰ অভিযানত নিয়োজিতসকলক লৈও উদ্বেগৰ সৃষ্টি হৈছে।

ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে নাগকু চহৰত কালি নিশা ভাৰতীয় সময় অনুসৰি ৮ বাজি ৩ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ লাছা অঞ্চলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত ভূপৃষ্ঠৰ পৰা ১৭৩ কিলোমিটাৰ গভীৰত আছিল। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভৈৰু সিং শেখাৱৰ্টৰ জয়ন্তীত শ্রদ্ধা জ্ঞাপন কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে প্রয়াত ৰাষ্ট্ৰপতিগৰাকীক এগৰাকী দক্ষ সংগঠক বুলি অভিহিত কৰি কয়, যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ ভালেমান জনকল্যাণমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গৃহমন্ত্রী অমিত শ্বাহে লগতে কয়, যে প্রয়াত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম আৰু উছৰ্গাৰ মনোভাৱ কিমান প্রয়োজনীয় সেই কথা প্রমাণ কৰি থৈ গৈছে। প্রয়াত শেখাৱটৰ জীৱন সৰলতাৰে পূৰ্ণ হ’লেও তেওঁৰ জীৱনে সকলোকে সামাজিক কামত অৰিহণা যোগাবলৈ উদ্বুদ্ধ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।