কলম্বিয়াৰ দক্ষিণ অংশত কালি হোৱা এটা ৭.৪ প্রাবল্যৰ শক্তিশালী ভূমিকম্পত কমেও ১১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮৭ গৰাকী লোক আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূগভীয় সমীক্ষাই- ইউ এছ জিঅ’লজিকেল ছাৰ্ভে প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাজধানী বগতাৰ পৰা ৪০০ কিলোমিটাৰ দূৰৈৰ পশ্চিমত ছেন জোছ ডেল পামেৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল।
শক্তিশালী ভূমিকম্পটোত ১০০তকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বৃহৎ ফাঁটবোৰত ভালে সংখ্যক লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দল আৰু স্থানীয় বাসিন্দাই দুর্গতসকলক উদ্ধাৰৰ বাবে অভিযান চলাই আছে।
কলম্বিয়াৰ ৰাষ্ট্ৰপতি এবেলার্ডো ডি লা এছপ্রিয়েলাই সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। তেওঁ কয়, যে ক্ষতিগ্রস্তসকলক চৰকাৰে পাৰ্য্যমানে সহায়-সাহায্য আগবঢ়াব।
এই ভূমিকম্পৰ ফলত দেশখনৰ পেৰেৰা, কুইবড’, কেলি আৰু মানিজেলেছৰ নিচিনা চহৰসমূহৰ যথেষ্ট ক্ষতি হয়। এই ভূমিকম্পৰ জোকাৰণি চুবুৰীয়া ইকুৱডেৰ আৰু পানামাতো অনুভূত হয়। কলম্বিয়াৰ চৰকাৰী সূত্ৰই জনোৱা মতে বিগত দশকটোত এয়া হৈছে দেশখনক জোকাৰি যোৱা অন্যতম প্রবল ভূমিকম্প।