ৰাজ্যত কালি বিয়লি অনুভূত হোৱা ৫ দশমিক ৯ প্রাবল্যৰ ভূমিকম্পৰ ফলত বিভিন্ন স্থানত কিছু ক্ষয়ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। ভূমিকম্পৰ ফলত ৰাজ্যৰ কেইবাটাও স্থানত দেৱাল আৰু মজিয়াত ফাট মেলা, চিলিং খহি পৰাকে ধৰি বিভিন্ন ক্ষয়-ক্ষতি হয়। ভূমিকম্পৰ আতংকৰ বাবে কালি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেজপুৰত ৫০ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হয়। য়াছমিন খানম নামৰ মহিলাগৰাকী ভীতিগ্ৰস্ত হৈ অচেতন হৈ পৰিছিল। ভূমিকম্পত নগাঁও চহৰৰ নুৰুল আমিন ইনড’ৰ ষ্টেডিয়ামৰ চিলিং ভাঙি পৰে। পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লংজাপ বজাৰত ভূমিকম্পৰ ফলত এখন দোকান ভাঙি পৰে। অসম ভ্রমণ সামৰি উভতি যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত উপস্থিত হৈ এই খবৰ পোৱা মাত্ৰেই ৰাজ্যখনৰ পৰিস্থিতিৰ বুজ লয়। তেওঁ প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ সহায় সহযোগিতাৰো আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ মূল্যায়নৰ বাবে কাম কৰি থকা হৈছে বুলি প্ৰকাশ কৰিছে।
Assamese | September 15, 2025 12:03 PM | earthquake
ৰাজ্যত কালি ৫.৯ প্রাবল্যৰ ভূমিকম্প; কেইবাটাও স্থানত দেৱাল, মজিয়া, চিলিঙৰ ক্ষতি