April 5, 2025 11:26 AM

views 70

পাপুৱা নিউ গিনিৰ নিউ ব্ৰিটেইন উপকূলীয় অঞ্চলত ভূমিকম্পৰ জোকাৰণি

দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত দ্বীপৰাষ্ট্ৰ পাপুৱা নিউ গিনিৰ নিউ ব্ৰিটেইন উপকূলীয় অঞ্চলত আজি পুৱা ৭ দশমিক ১ প্ৰাব্যলৰ এটা ভূমিকম্পই জোকাৰি যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্বিক জৰীপে এই ভূমিকম্পৰ অভিকেন্দ্ৰ নিউ ব্ৰিটেইনৰ ৰাজধানী কিম্বেৰ পৰা ১৯৪ কিলোমিটাৰ নিলগত বুলি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনত ছুনামীৰ সতৰ্কতা জাৰি কৰিছে। ইপিনে নেপালত কালি নিশা ৫ দশমিক ২ আৰু ৫ দশমিক ৫ প্রাবল্যৰ দুটা ভূমিকম্পই জোকাৰি যায়। এই ভূমিকম্পৰ জোকাৰণি উত্তৰ ভাৰতৰ কোনো কোনো অংশতো অনুভূত হয়। ভূমিকম্...

March 28, 2025 7:59 PM

views 59

ম্যানমাৰ আৰু থাইলেণ্ডত ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পত ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা

ম্যানমাৰ আৰু থাইলেণ্ডত আজি ওপৰা-উপৰিকৈ অহা দুটা ভূমিকম্পৰ ফলত কমেও তিনিজন লোক নিহত আৰু ভালেসংখ্যক লোক আহত হোৱাৰ আশংকা কৰা হৈছে। ৰিখটাৰ স্কেলত ৭ দশমিক ৭ আৰু ৬ দশমিক ৪ প্ৰাব্যলৰ এই দুটা ভূমিকম্পৰ জোকাৰণি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন, উত্তৰ বংগৰ উপৰি চীনৰ দক্ষিণ-পশ্চিম অংশতো অনুভূত হোৱাৰ বাতৰি পোৱা গৈছে। এই ভূমিকম্পত ম্যানমাৰৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ বাতৰি আহিছে। দেশখনৰ উত্তৰ-পশ্চিমৰ ছাগাইঙ নগৰৰ সমীপত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ফলত ম্যানমাৰৰ মাণ্ডালেৰ আভা দলংখন ইৰাবতী নৈ...

March 5, 2025 12:52 PM

views 78

অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আজি ভূমিকম্পৰ জোকাৰণি অনুভূত

অসম সহ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আজি পুৱা প্ৰায় ১১ বাজি ৬ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য আছিল ৫ দশমিক ৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূকম্পন বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে মণিপুৰৰ ছংদাঙৰ পৰা ২৯ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ম্যানমাৰতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত এতিয়ালৈকে ধন-জন হানি হোৱাৰ বাতৰি পোৱা হোৱা নাই ।

February 28, 2025 12:53 PM

views 68

বিহাৰ, পশ্চিমবংগ, ছিকিম আৰু নেপালৰ ভালেমান অংশত ৫. ৫ প্রাবল্যৰ ভূঁইকঁপৰ জোকাৰণি

বিহাৰ, পশ্চিমবংগ, ছিকিম আৰু নেপালৰ ভালেমান অংশত আজি নিচেই পুৱা ৰিখটাৰ স্কেলত ৫ দশমিক ৫ প্রাবল্যৰ এটা ভূঁইকঁপৰ জোকাৰণি অনুভূত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক জৰীপ বিভাগে প্ৰকাশ কৰা মতে প্রায় ২ বাজি ৩৬ মিনিটত অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ বাগমতি জিলাৰ কোদাৰিত আছিল। পশ্চিমবংগৰ শিলিগুৰি, ছিকিমৰ বিভিন্ন অংশ আৰু বিহাৰৰ দাৰভাংগাকে ধৰি বিভিন্ন অঞ্চলত এই ভূঁইকঁপৰ জোকাৰণি অনুভূত হয় ।

February 7, 2025 6:37 PM

views 73

কাৰ্বি আংলঙৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ত বাটৰ নাট অনুষ্ঠিত

কাৰ্বি আংলং জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত আজি কাৰ্বি আংলং জিলাৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ত এখন বাটৰ নাট অনুষ্ঠিত কৰা হয়। সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২ৰ অংশ হিচাপে আয়োজন কৰা এই বাটৰ নাটত বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু সতীৰ্থ শিল্পীসকলে অভিনয় কৰে। বাটৰ নাটৰ মাধ্যমেৰে জনসাধাৰণক পলিথিনৰ বেগ ব্যৱহাৰৰ পৰা বিৰত থাকি কিদৰে পৰিৱেশ সংৰক্ষণ কৰিব পাৰি সেই বিষয়টো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

January 24, 2025 1:09 PM

views 71

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যত ৪.৮ প্রাবল্যৰ ভূমিকম্প

ৰিখটাৰ স্কেলত ৪.৮ প্রাবল্যৰ এটা ভূমিকম্পই যোৱানিশা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখনমান ৰাজ্য জোকাৰি যায়৷ ৰাষ্ট্ৰীয় ভূ-কম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মণিপুৰৰ আন্তৰ্জাতিক সীমান্তৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ পূবে মানম্যাৰৰ ছেদং অঞ্চলত ভূ-পৃষ্ঠৰ পৰা ১০৬ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। ভূমিকম্পৰ ফলত ধন-জন হানি হোৱাৰ কোনো তথ্য পোৱা হোৱা নাই ।

January 8, 2025 8:34 PM

views 61

প্ৰচণ্ড শীতৰ মাজতো তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীৰ উদ্ধাৰ অভিযান অব্যহত

পশ্চিম চীনৰ তিব্বতত বিধ্বংসী ভূমিকম্পৰ পাছত হাজাৰ হাজাৰ উদ্ধাৰকাৰীয়ে আজি প্ৰচণ্ড শীতৰ মাজতো উদ্ধাৰ অভিযান অব্যহত ৰাখিছে। তিববতৰ চিগাটচে অঞ্চলত চলোৱা প্ৰাৰম্ভিক অনুসন্ধানত ভূমিকম্পত ৩ হাজাৰ ৬০৯ টা বাসগৃহ ধ্বংস হোৱাৰ তথ্য পোৱা গৈছে। এভাৰেষ্ট শৃংগৰ পৰা ৭৫ কিলোমিটাৰ উত্তৰত আৰু নেপাল সীমান্তৰ তীববতৰ আটাইতকৈ জনবহুল অঞ্চল টিংৰিত কালি পুৱা অনুভূত ৭.১ প্রাবল্যৰ বিধবংসী ভূমিকম্পত কমেও ১২৬ জন লোকে প্ৰাণ হেৰুৱায়। চীনৰ চৰকাৰে ভূমিকম্পৰ ফলত কিমান লোক নিৰুদ্দেশ হৈ আছে তাৰ সঠিক তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই।...

January 8, 2025 1:45 PM

views 57

নেপাল-তিব্বত সীমান্তত হোৱা ভূমিকম্পত নিহত লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি

কালি পুৱা তীব্বতৰ টিংৰি অঞ্চলত অনুভূত ৭ দশমিক ১ প্রাবল্যৰ বিধবংসী ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১২৮ লৈ বৃদ্ধি পাইছে। এভাৰেষ্ট শৃংগৰ পৰা ৭৫ কিলোমিটাৰ উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটোত তীব্ৰবত আৰু নেপালত প্ৰায় ২০০ লোক আহত হয়। চুবুৰীয়া দেশ নেপালত অৱশ্যে এই ভূমিকম্পত কোনো লোকৰ প্ৰাণহানি হোৱা নাই বুলি সেই দেশৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। চীনৰ চৰকাৰী বাতৰি সংস্থা ঝিনহুৱাৰ বাতৰি অনুসৰি অভিকেন্দ্ৰৰ পৰা ২০ কিলোমিটাৰ ব্যাসার্ধত থকা তিনিখন চহৰ আৰু ২৭ খন গাঁৱত ব্যাপক ধ্বংসলীলাৰ সৃষ্টি হয় আৰু এহ...

January 7, 2025 9:10 PM

views 55

নেপাল আৰু তিব্বতত ৭.১ প্রাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা ১০০ হোৱাৰ আশংকা

নেপাল আৰু তিব্বতত আজি পুৱা অহা ৭.১ প্রাবল্যৰ ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা ১০০ৰ ঘৰ চুবগৈ পাৰে বুলি আশংকা কৰা হৈছে। নেপালৰ চৰকাৰী সূত্ৰই জনোৱা মতে কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু এভাৰেষ্ট শৃংগৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ থকা এই ভূমিকম্পৰ ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও আহি নোপোৱাৰ বাবে চৰকাৰীভাবে নিহত সংখ্যা ঠাৱৰ কৰিব পৰা হোৱা নাই । চীনৰ চৰকাৰী নিউজ সংস্থা ঝিনহুৱাৰ মতে তিববতত নিহত লোকৰ সংখ্যা ৫৩ হৈছেগৈ। এই ভূমিকম্পৰ ফলত ভূটানৰ পৰাও ধন-জনৰ ক্ষতি হোৱাৰ বাতৰি আহিছে...

January 7, 2025 1:43 PM

views 81

আজি পুৱা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত

আজি পুৱা প্ৰায় ৬ বাজি ৩৭ মিনিটত এটা ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ উৎপত্তিৰ স্থল নেপালৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ দিশত আৰু মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্রাবল্য ৭ দশমিক ১ বুলি প্ৰকাশ কৰা হৈছে। নেপালৰ লবুছেৰ পৰা ৯৩ কিলোমিটাৰ নিলগলৈ এই ভূমিকম্পৰ প্ৰৱল জোকাৰণি অনুভূত হয়। ভাৰতৰ অন্যান্য স্থানৰ লগতে অসমতো আজি এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। অৱশ্যে এতিয়ালৈ এই ভূমিকম্পৰ ক্ষয়-ক্ষতি সম্পর্কে কোনো তথ্য পোৱা হ...