দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত দ্বীপৰাষ্ট্ৰ পাপুৱা নিউ গিনিৰ নিউ ব্ৰিটেইন উপকূলীয় অঞ্চলত আজি পুৱা ৭ দশমিক ১ প্ৰাব্যলৰ এটা ভূমিকম্পই জোকাৰি যায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্বিক জৰীপে এই ভূমিকম্পৰ অভিকেন্দ্ৰ নিউ ব্ৰিটেইনৰ ৰাজধানী কিম্বেৰ পৰা ১৯৪ কিলোমিটাৰ নিলগত বুলি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনত ছুনামীৰ সতৰ্কতা জাৰি কৰিছে।
ইপিনে নেপালত কালি নিশা ৫ দশমিক ২ আৰু ৫ দশমিক ৫ প্রাবল্যৰ দুটা ভূমিকম্পই জোকাৰি যায়। এই ভূমিকম্পৰ জোকাৰণি উত্তৰ ভাৰতৰ কোনো কোনো অংশতো অনুভূত হয়। ভূমিকম্পত ক্ষয়-ক্ষতিৰ কোনো বাতৰি এতিয়ালৈকে পোৱা হোৱা নাই৷
Assamese | April 5, 2025 11:26 AM | earthquake
পাপুৱা নিউ গিনিৰ নিউ ব্ৰিটেইন উপকূলীয় অঞ্চলত ভূমিকম্পৰ জোকাৰণি