June 8, 2026 12:38 PM | earthquake

printer

অসমৰ বিভিন্ন ঠাইত ভূটানৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

  • ভূটানত যোৱানিশা ৰিখটাৰ স্কেলত ৫ দশমিক ৮ প্রাবল্যৰ ভূমিকম্পই জোকাৰি যায়। ৰাষ্ট্ৰীয় ভূইকঁপ কেন্দ্ৰৰ তথ্য অনুসৰি ভূটানৰ পুনাখা অঞ্চলৰ সমীপত ভূ-গৰ্ভৰ ২৬ কিলোমিটাৰ গভীৰত ভাৰতীয় সময় অনুসৰি ১১ বাজি ৬ মিনিটত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ পাছত ২ দশমিক ৮ আৰু ২ দশমিক ৪ প্রাবল্যৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় বুলি ৰাষ্ট্ৰীয় ভূঁইকঁপ কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে। ভূমিকম্পত কোনো ক্ষয়-ক্ষতি বা প্রাণহানিৰ বাতৰি পোৱা হোৱা নাই। ভূটানৰ ভূমিকম্পৰ জোকাৰণি ছিকিম, উত্তৰ বংগ আৰু অসমৰ বিভিন্ন ঠাইত অনুভূত হয়। ছিকিমত পৰিস্থিতি পর্যবেক্ষণ কৰি থকা হৈছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে।