ডিফুৰ তাৰালাংছ’ত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী পীযূষ হাজৰিকাৰ

কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছ’ত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনিৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।

কৃষকসকলৰ সুবিধার্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ ৩ শতাংশ সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্রধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পর্যালোচনা কৰা হয়।

শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰেই সমাধানৰ বাবে জিলা প্ৰশাসনক নির্দেশ দিয়ে। সভাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে।

মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত তাৰালাংছ’ত চাৰ্টালিন প্ৰেক্ষাগৃহত বেংকৰ বিষয়াসকলৰ উপস্থিতিত প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোগীসকলৰ সৈতে কৃষি আন্তঃগাঁথনি পুঁজি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কৃষকসকলে যাতে মূলধনৰ অভাৱত নিজৰ সম্ভাৱনা সীমাবদ্ধ ৰাখিবলগীয়া নহয় তাৰ বাবে মাত্র ৩ শতাংশ সুদত ২ কোটি টকা পর্যন্ত কৃষি আন্তঃগাঁথনি পুঁজিৰ ঋণৰ সুবিধা ল’ব পাৰিব বুলি তেওঁ উল্লেখ কৰে।

উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা ৫ বছৰত পি এম কুসুম আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৪ লাখ হেক্টৰ ভূমিত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্য লোৱা হৈছে।

তদুপৰি উৎপাদন আৰু আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক অতি শীঘ্ৰে তামোল-পাণ, ককোৱা, নাৰিকল, আনাৰসৰ পুলি আৰু মাখনাৰ বীজ প্ৰদান কৰা হ’ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।