লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপন উদ্দেশ্যে আজি ডিফু আৱৰ্ত ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। এই উপলক্ষে জিলা আয়ুক্ত নিৰলা ফানছপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অহা ৮ নৱেম্বৰত হ’বলগীয়া একতা পদযাত্ৰা কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰববীসকলৰ উপস্থিতিত আয়োজিত সভাখনত পদযাত্ৰাৰ পূৰ্বে অমৃত সৰোবৰসমূহ পৰিষ্কাৰ কৰণ, গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক দায়িত্ব অর্পণ কৰে। দেশৰ শান্তি আৰু একতাৰ চেতনা প্রতিফলিত কৰাৰ উদ্দেশ্যেৰে তাৰালাংছ’ৰ পৰা ডিফু ষ্টেডিয়ামলৈ এই একতা পদযাত্ৰা উলিওৱা হ’ব। পদযাত্ৰাৰ নিৰ্দিষ্ট কিছু ক্ষেত্ৰত সাংস্কৃতিক কার্যসূচী প্রদর্শন কৰা হ’ব।
Assamese | November 3, 2025 9:37 PM | Diphu
ডিফুত লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ আয়োজন