‘নিচামুক্ত যুৱ প্ৰজন্ম’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সৈতে বৈঠক

ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম শীর্ষক কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ কালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে লোকভৱনত বৈঠকত মিলিত হয়।

২ আগষ্টত আৰম্ভ হ’বলগীয়া এই অভিযান এশ সপ্তাহ ধৰি চলিব উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এখন নিচামুক্ত, সুস্থ আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ পোষকতা কৰিছে। এই অভিযানৰ গুৰুত্ব সম্পৰ্কত আলোকপাত কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই কয়, যে মাদকদ্ৰব্য ব্যৱহাৰে এগৰাকী ব্যক্তিকে নহয়, এটা পৰিয়াল, এটা সম্প্রদায় আৰু ৰাষ্ট্ৰৰ ভৱিষ্যতৰ ক্ষতি কৰে। শিক্ষানুষ্ঠানসমূহে সজাগতা সৃষ্টিৰে মাদকদ্ৰব্যৰ প্ৰচলন আৰু আসক্তি দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ উপাচাৰ্যসকলক এই অভিযানত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অংশগ্রহণ সুনিশ্চিত কৰাবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, যে ৰাষ্ট্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ অংশগ্রহণ অতিশয় গুৰুত্বপূৰ্ণ। অসমৰ যুৱ প্ৰজন্মৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ নিচামুক্ত ভাৰতৰ ধাৰণা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ যুৱক-যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।