স্কাউট আৰু গাইডৰ মুখ্য পৃষ্ঠপোষক লক্ষ্মণ প্রসাদ আচাৰ্যৰ স্কাউট আৰু গাইডৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে যুৱ সদস্যসকলৰ সৈতে মত-বিনিময়

ৰাজ্যপাল তথা স্কাউট আৰু গাইডৰ মুখ্য পৃষ্ঠপোষক লক্ষ্মণ প্রসাদ আচাৰ্যই ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সংস্থাটোৰ কামৰূপ মহানগৰ জিলাৰ জিলা পৰ্যায়ৰ যুৱ সদস্যসকলৰ সৈতে মত-বিনিময় কৰে। অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে স্কাউট আৰু গাইড বেজ মুকলি কৰে। এই উপলক্ষে ৰাজ্যপাল শ্রীআচাৰ্য্যই কয় যে ভাৰত স্কাউট আৰু গাইড সংস্থাই যুৱ প্ৰজন্মৰ মাজত নিয়মানুৱৰ্তিতা, নেতৃত্বত, দেশপ্ৰেম আৰু সামাজিক সেৱাৰ মনোভাৱ যোগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সংস্থাটোৱে ইয়াৰ জৰিয়তে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াটো উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলি ৰাজ্যপালগৰাকীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।