কাছাৰ আৰক্ষী অভিযানত শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ পৰা ৭ কেজি ২৩ গ্রাম ওজনৰ মুঠ ১১২ টা নকল সোণৰ টুকুৰা জব্দ

কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰৰ শ্ৰীকোণা অঞ্চলৰ পৰা ৭ কেজি ২৩ গ্রাম ওজনৰ মুঠ ১১২ টা নকল সোণৰ টুকুৰা জব্দ কৰে। এই অভিযানত আৰক্ষীয়ে আশীষ কুমাৰ ৰায় নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লোকজনৰ বিৰুদ্ধে প্রয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু জব্দ হোৱা সামগ্ৰীসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব।