নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। কামৰূপ আৰক্ষীয়ে অভিযান চলাই আমিনগাওঁত ১১ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্রী জব্দ কৰে। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলিছিল। আৰক্ষীয়ে এই অভিযানত আনোৱাৰ হুছেইন কাজি আৰু আমিনুল চিকদাৰ নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। মণিপুৰৰ পৰা নিচাজাতীয় সামগ্ৰীখিনি নামনি অসমলৈ সৰবৰাহৰ চেষ্টা চলাওতেই আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে।
Assamese | January 13, 2026 8:29 PM | Akashvani | Akashvani Guwahati | Assam Police
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত