অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিভিকেচন ছিকিং এণ্টিটি – অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে।
এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰকাৰ্ড পৰিচয় পত্ৰত থকা কিউ আৰ ক’ড স্কেন কৰি তৎক্ষণাত প্ৰমাণপত্ৰ পৰীক্ষা কৰিব পাৰিব।
এই পৰীক্ষাৰ বাবে ইণ্টাৰনেটৰ স্পীডৰ ওপৰত নিৰ্ভৰ কৰাৰ প্রয়োজন নাথাকিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। আধাৰ কিউ আৰ ক’ডৰ জাল কৰিব নোৱৰা ডিজিটেল ছীল থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অপৰাধী বা অনুপ্ৰৱেশকাৰীয়ে এতিয়াৰেপৰা ভুৱা বা ফটোকপি কৰা আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আৰক্ষীক বিপথে পৰিচালিত কৰাটো কঠিন হৈ পৰিব।
ইয়াৰ উপৰি ভাৰতীয়াৰ পৰীক্ষণ, পাছপ’ৰ্ট আৰু অস্ত্ৰ অনুজ্ঞাপত্ৰ পৰীক্ষণকে ধৰি দৈনন্দিন আৰক্ষী সেৱাসমূহ দ্ৰুত আৰু সহজ হৈ পৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড০ শৰ্মাই কয়, যে এই ব্যৱস্থাৰ দ্বাৰা অসম আৰক্ষীয়ে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা আৰু অপৰাধী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গ’ল ।