ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। বিশেষ টাক্স ফ’ৰ্ছে আজি এনে এটা চক্ৰৰ বিৰুদ্ধে অভিযান চলাই ৮০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। টাক্স ফ’ৰ্চৰ এটা দলে গুৱাহাটী ছয়মাইলৰ চচলৰ এটা ফ্লেটত অভিযান চলাই ১০ কিলোগ্রাম হেৰ’ইন জব্দ কৰে। ঘটনা সন্দৰ্ভত টাক্স ফ’ৰ্ছে পাঞ্জাবৰ লুধিয়ানাৰ হৰদ্বীপ সিং নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছ সৰবৰাহকাৰীজনে হেৰ’ইনখিনি পাঞ্জাবলৈ নিয়াৰ পৰিকল্পনাৰে ফ্লেটটোত বাহাৰ পাতি আছিল। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে বিশেষ টাক্স ফ’ৰ্ছে ফ্লেটটোত অভিযান চলাই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি জব্দ কৰাৰ লগতে অভিযুক্ত হৰদ্বীপ সিঙক গ্ৰেপ্তাৰ কৰে।
Assamese | August 14, 2026 7:10 PM | Assam Police
ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত