অসম আৰক্ষীত অনাগত সময়ত ১৫ ৰ পৰা ২০ হাজাৰ নতুন যুৱক-যুৱতীক নিযুক্তি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনৰ আজি প্ৰথম দিনা দীক্ষান্ত সমাৰোহত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত অসম আৰক্ষীত ২১ হাজাৰ নিযুক্তি প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী ৫ বছৰতো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব।
ড° শৰ্মাই অনুষ্ঠানত দিয়া ভাষণত, প্ৰমাণপত্ৰ লাভ কৰিবলগীয়া অসম আৰক্ষীৰ ৩২ গৰাকী উপ-আৰক্ষী অধীক্ষক আৰু ৩৭১ গৰাকী কনিষ্টবলৰ বাবে আজিৰ দিনটো প্ৰাপ্তি আৰু গৌৰৱৰ দিন বুলি উল্লেখ কৰে। তেওঁ কয়, যে আধুনিক নিৰাপত্তা সঁজুলি আৰু চাইবাৰ নিৰাপত্তা সন্দৰ্ভত এই আৰক্ষীসকলে প্ৰশিক্ষণ লাভ কৰিছে। এই অভিজ্ঞতাই তেওঁলোকক প্ৰযুক্তিগতভাৱে সু-সজ্জিত কৰি তুলিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ ক্ষেত্ৰত সকলো শূন্য সহনশীল হ’ব লাগিব।
তেওঁ বহুবিবাহ, বাল্য বিবাহৰ বিৰুদ্ধে নিৰন্তৰে যুঁজ দিবলৈ অসম আৰক্ষীক আহ্বান জনায়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ অধিক শক্তিশালী কৰাৰ কথা ঘোষণা কৰে। অসমৰ ভৌগোলিক অৱস্থিতি ম্যানমাৰ-বাংলাদেশৰ সীমান্তত হোৱাৰ বাবে মাদক দ্রব্য সৰবৰাহৰ ক্ষেত্ৰত অসম সংবেদনশীল এলেকা হৈ পৰিছে বুলি তেওঁ কয়। অৰুণাচলৰ চাংলাঙেৰে তিনিচুকীয়া হৈ মাদক দ্ৰব্য সৰবৰাহৰ নতুন পথ গঢ় লৈ উঠা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া, ডিব্ৰুগড়, বৰাক, গোলাঘাট, শিৱসাগৰত আৰক্ষীক অধিক কঠোৰ হোৱাৰ নিৰ্দেশ দিয়ে।
তেওঁ লগতে কার্বি আংলং, ডিমা হাচাও আৰু নগাঁৱত মাদক দ্ৰব্যৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজখন অধিক দৃঢ় আৰু তীব্ৰতৰ কৰি নৱপ্ৰজন্মৰ সুস্থ ভৱিষ্যৎ গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে৷
অনুষ্ঠানত দিয়া ভাষণত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে স্মাৰ্ট আৰক্ষী আৰু আদৰ্শ আৰক্ষী প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ শক্তিশালী ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে, প্ৰশিক্ষণ সমাপ্ত কৰা এই আৰক্ষী কৰ্মীসকলে নতুন প্রযুক্তিৰে অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিব। অনুষ্ঠানত পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে সন্মিলনত মাদক দ্রব্য সৰবৰাহ প্ৰতিৰোধক মূল বিষয় হিচাপে লোৱা হৈছে।
তদুপৰি ৰাজ্যৰ আইন-শৃংখলা অধিক শক্তিশালী কৰাৰ বাবে অপৰাধ নিয়ন্ত্রণ, মহিলা আৰু শিশুৰ সুৰক্ষা, চাইবাৰ অপৰাধ ৰোধ, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু অধিক জনমুখী আৰক্ষী ব্যৱস্থাৰ বিষয়ত আলোচনা কৰা হ’ব।