মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে ৰাজ্যজুৰি প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাইছে। ৰাজ্যৰ ২৯ খন জিলাত কালি নিশাৰে পৰা চলা অভিযানত এই পর্যন্ত ৩৩০ জন প্ৰৱঞ্চকক আটক কৰা হৈছে। অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংশা কৰাৰ দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাইছে। গুৱাহাটীত এতিয়ালৈ দুজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অসম আৰক্ষীৰ সঞ্চালকৰ প্ৰধান হৰমীত সিঙে প্ৰকাশ কৰে। শদিয়া, মাজুলীকে ধৰি কেইবাখনো জিলাত এনে ধৰণৰ প্ৰৱঞ্চক ধৰা পৰা নাই বুলি তেওঁ কয়।
বৰপেটা জিলাৰ বিভিন্ন প্রান্ততো ২৬ জন প্ৰৱঞ্চকক আটক কৰা হৈছে। বৰপেটা থানাৰ অধীনৰ অঞ্চলৰ পৰা ১০ জন, কলগাছিয়া থানাৰ অধীনৰ অঞ্চলৰ পৰা এঘাৰ জন, তাৰাবাৰী থানাৰ অধীনৰ অঞ্চলৰ পৰা তিনিজন আৰু বাঘবৰ থানাৰ অধীনৰ অঞ্চলৰ পৰা দুজন প্ৰৱঞ্চকক আটক কৰা হয়। আটকাধীনসকলৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলাখনৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই প্ৰকাশ কৰে। অনাগত সময়তো প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হ’ব বুলি তেঁও কয় ।
ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে বজালী জিলাতো প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলিছে। জিলাখনৰ কেইবাটাও প্ৰান্তৰ পৰা আৰক্ষীয়ে ৪ জন সন্দেহযুক্ত প্ৰৱঞ্চকক আটক কৰে। প্ৰৱঞ্চনাৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰি আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ।
কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই অসম আৰক্ষীয়ে ২০ জন প্ৰৱঞ্চকক আটক কৰে। দৰং আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন অঞ্চলৰ পৰা অপৰাধী চক্ৰৰ সৈতে জড়িত ১৮ জন লোকক আটক কৰে ।