আজি অসম আৰক্ষী দিৱস। আজিৰ দিনটোত অসম আৰক্ষীয়ে ৰাষ্ট্ৰৰ বাবে সর্বোচ্চ বলিদান দিয়া প্ৰতিগৰাকী বীৰৰ অদম্য সাহসক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। জনসেৱাৰ মূল মন্ত্ৰৰে উদ্বুব্ধ হৈ অসম আৰক্ষীয়ে বিগত সময়ছোৱাত বিগত সময়ছোৱাত নিৰন্তৰ সমাজৰ প্ৰতি সেৱা আগবঢ়াই আহিছে।
উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ প্ৰথম কামাণ্ড’ বেটেলিয়নৰ চৌহদত আয়োজিত দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
গোৱালপাৰা জিলাত অসম আৰক্ষী দিৱসৰ সৈতে সংগতি ৰাখি যোৱা ২৭ ছেপ্তেম্বৰৰ পৰাই বিভিন্ন কাৰ্যসূচী ৰূপায়িত হৈছে। বাল্য বিবাহ ৰোধ, মাদকদ্ৰব্য বিৰোধী সজাগতা আৰু পথ সুৰক্ষা – এই তিনিটা বিষয়বস্তুক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ঠাইত দেৱাল চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হৈছে।
আজি দিৱস উপলক্ষে পুৱা গোৱালপাৰাৰ সংৰক্ষিত আৰক্ষী চাউনীত অসম আৰক্ষীৰ পতাকা উত্তোলন, শ্বহীদলৈ শ্রদ্ধাঞ্জলি, সংকল্প পাঠ, কুচ-কাৱাজ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই অনুষ্ঠানত অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ-মহাপৰিদৰ্শক ৱাই টি গীয়াৎসো, গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুং, গোৱালপাৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনিত মহন্তৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই দিৱস উপলক্ষে এটা বিশেষ বার্তাযোগে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। জনহিতৰ জনসেৱাৰ্থে সংকল্পৰে আইন শৃংখলা ৰক্ষাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীৰ বিষয়া তথা জোৱানসকলে নিষ্ঠা, সাহস আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰি অহা বুলি ড° শৰ্মাই উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে দেশ তথা ৰাজ্যৰ শান্তি, নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ বীৰ শ্বহীদলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীক সাহস, সেৱা আৰু কৰ্তব্যনিষ্ঠাৰ উজ্বল প্রতীক বুলি অভিহিত কৰি ড° শৰ্মাই এই গৌৰৱময় যাত্ৰা আগলৈ অধিক শক্তিশালী তথা জনসেৱাৰ প্ৰতি আৰক্ষীৰ অংগীকাৰ অধিক সুদৃঢ় হোৱাৰ কামনা কৰে।