কাছাৰ আৰক্ষী অভিযানত ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ

কাছাৰ আৰক্ষীয়ে যোৱা নিশা বাঁশকান্দি আৰক্ষী চকীৰ অধীনৰ আলগাপুৰৰ এটা গুদামত অভিযান চলাই ১৭ কুইণ্টল বার্মিজ আফুগুটি জব্দ কৰে।

আৰক্ষীয়ে আফুগুটি সৰবৰাহৰ সৈতে জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জব্দ হোৱা আফুগুটিখিনি ক’ৰপৰা অনা হৈছিল, ইয়াৰ সৰবৰাহৰ সৈতে কোনো চক্র জড়িত আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।