ৰাজ্যৰ বিভিন্ন থানাকে ধৰি চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন থানাত অভিযান চলাই আৰক্ষীয়ে ৩ শতাধিক মধ্যভোগীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পাছত চৰকাৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ত অভিযান চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলত এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে বিভিন্ন চৰকাৰী বিভাগৰ কাৰ্যালয়ত থকা মধ্যভোগীৰ তথ্য সাধাৰণ নাগৰিকে নিজেই চৰকাৰক দাখিল কৰিব পাৰিব। ইয়াৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই অতি সোনকালে এটা প’ৰ্টেল মুকলি কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই প’ৰ্টেলৰ জৰিয়তে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়, পেঞ্চন কার্যালয়, অসম সচিবালয়, বিভিন্ন বিভাগৰ সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদিত থকা মধ্যভোগীৰ তথ্য জনসাধাৰণে চৰকাৰক দাখিল কৰিব পাৰিব। মধ্যভোগীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে ২০২২ চনত ৰাজ্যৰ থানাবোৰত থকা মধ্যভোগীৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰথম ধাৰাবাহিকভাৱে অভিযান চলাইছিল। সেই অভিযানত প্রায় দুশ মধ্যভোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ এই অভিযানৰ পাছত মধ্যভোগীৰ দপদপনি কিছু কমিছিল যদিও শেহতীয়াকৈ পুনৰ মধ্যভোগীৰাজে গা কৰি উঠিছে।
Assamese | September 8, 2026 11:44 AM | Assam Police
চৰকাৰী কাৰ্যালয়ত চলি থকা মধ্যভোগীৰাজ বন্ধ কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ পৰ্টেল মুকলিৰ সিদ্ধান্ত