ৰাজ্যত সুৰাৰ অবৈধ ব্যৱসায় কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে আবকাৰী বিভাগে পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। অবৈধভাৱে সুৰা উৎপাদন আৰু সৰবৰাহে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ লগতে ৰাজ্য চৰকাৰে যথেষ্ট ৰাজহ ঘাটিৰো সম্মুখীন হ’বলগীয়া হৈছে। সেয়ে চৰকাৰে ৰাজহ ঘাটি নোহোৱা কৰাৰ কাৰণে অবৈধ সুৰাৰ ক্ষেত্ৰত কঠোৰ নীতি-নিয়ম বলৱতৰ সিদ্ধান্ত লৈছে।
গুৱাহাটীৰ কৰ ভৱনত কালি অনুষ্ঠিত এখন বৈঠকত আবকাৰী মন্ত্ৰী অতুল বৰাই এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। অসমৰ বিভিন্ন জিলাৰ আবকাৰী অধীক্ষক, উপ অধীক্ষক, পৰিদৰ্শক, সহ পৰিদৰ্শকসকলৰ উপস্থিতত অনুষ্ঠিত এই বৈঠকত মন্ত্ৰী শ্ৰীবৰাই সকলোকে আইনৰ কঠোৰ বলৱতকৰণত অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে কৰ ভৱনত অনুষ্ঠিত আই এম এল এফ, বিয়েৰ, দেশীয় সুৰা আৰু বটলিং প্লেণ্টৰ অনুজ্ঞাপত্ৰধাৰীসকলৰ সৈতে অনুষ্ঠিত আন এখন বৈঠকত মন্ত্ৰীগৰাকীয়ে সুৰাৰ বিক্ৰী বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দর্ভত আলোচনা কৰে।
এই বৈঠকত আবকাৰী বিভাগৰ আয়ুক্ত সচিব বীৰেন্দ্ৰ মিটাল, আয়ুক্ত জিতু দলে, যুটীয়া সচিব ৰশ্মি বৰুৱা গগৈকে ধৰি বিভাগটোৰ ভালে কেইগৰাকী জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে দিনজোৰা কাৰ্যসূচীৰে কালি কৰ ভৱনত আবকাৰী বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে।
বৈঠকৰ অন্তত আবকাৰী মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, চৰকাৰে কেবল বিদেশী সুৰাই নহয় পৰম্পৰাগত সুৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। সেই অনুসৰি আবকাৰী বিভাগে হেৰিটেজ লিকাৰ বাব পৰম্পৰাগত পানীয়ক বিশেষ গুৰুত্ব দিয়াৰ বাবে বিশেষ পদক্ষেপ ল’ব।