ৰাজ্যজুৰি অসম আৰক্ষীয়ে কালি পুৱাৰে পৰা চলোৱা অভিযানত মুঠ ৩৩০ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। কাজিৰঙাত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ পাছতে অসম আৰক্ষীয়ে প্ৰৱঞ্চকৰ বিৰুদ্ধে এই অভিযান চলায়।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ ২৯ খন জিলাত এই অভিযান চলোৱা হয়। এই অভিযানকালত আৰক্ষীৰ সৈতে যোগাযোগ কৰি গোচৰ মীমাংসা কৰা দালালকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। নকল আৰু চুৰি সামগ্ৰী বিক্ৰী কৰা প্ৰৱঞ্চকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
ইয়াৰ লগতে আৰক্ষীৰ পৰিচয় দি সাধাৰণ লোকক প্ৰৱঞ্চনা কৰা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীয়ে অভিযান কালত লখিমপুৰত ১৫ জন, গুৱাহাটীত ২ জন, কামৰূপত ৩৩ জন, বঙাইগাঁৱত ১২ জন, মৰিগাঁও আৰু ধুবুৰীত ৭ জনকৈ, গোৱালপাৰাত ৫ জন, বজালী, তামাৰহাটত ৪ জনকৈ, শিৱসাগৰ আৰু গোলাঘাটত দুজন, তিনিচুকীয়াত ১৫ জন, কাচাৰত ৩৯ জন, দৰঙত ১৮ জন, কোকৰাঝাৰত ২০ জন, হোজাইত ১৬ জুন, নগাঁৱত ১১ জন, বৰপেটাত ২৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।
আৰক্ষী সঞ্চালক প্রধান হৰমীত সিঙে প্ৰকাশ কৰা মতে একাংশই অসমৰ বাহিৰত থাকিও ৰাজ্যত প্ৰৱঞ্চনাৰ জাল মেলি আহিছে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে প্ৰৱঞ্চকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ কথাও প্রকাশ কৰিছে।