২০১৮ চনৰ ১৮ ডিচেম্বৰত মধুপুৰ সত্ৰত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস আজি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ বাৰ্ষি গাঁৱৰ নামঘৰত পালন কৰা হয়। সাঁচীপাত, তুলাপাত, তালপাত আদি লিখিত পুথি নাইবা তথ্য আদি সুসংৰক্ষণৰ লক্ষ্যৰে নূকূল গ্রন্থাগাৰ সংস্থাই নামঘৰ, সত্ৰ, শিক্ষানুষ্ঠান আদিত এনে সম্পদৰাজিৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। সংস্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি নামঘৰ প্ৰাংগনত সাঁচী গছৰ পুলি ৰোপণ কৰা হয়।
Assamese | December 18, 2025 6:43 PM | Dhuburi
ধুবুৰীত আজি ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস পালন