ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংহলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে।
এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশ লয়।
জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত মেঘা নিধি দাহালে এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী জিলাখন বানপানীত প্ৰতি বছৰে ক্ষতিগ্রস্ত হয় বুলি প্ৰকাশ কৰে।
তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ অগ্ৰগতি সম্পৰ্কেও অভিভাৱক মন্ত্ৰীগৰাকীক অৱগত কৰে।
অভিভাৱক মন্ত্রী শ্রীসিংহলে দক্ষতা উন্নয়ন আৰু শ্রম বিভাগক শিশু শ্রমিক সম্পৰ্কীয় প্রতিবেদন দাখিল কৰিবলৈও এই বৈঠকতে নির্দেশ দিয়ে। আজিৰ পর্যালোচনা বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে গামোছা আৰু অন্যান্য সংগ্রহ মন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰে।
একেদৰে সংস্কৃতি বিভাগ, ক্রীড়া বিভাগ আৰু অৰ্থনীতি তথা পৰিসংখ্যা বিভাগৰ প্ৰতিবেদনসমূহ সংশ্লিষ্ট বিভাগীয় মুৰববীসকলে উপস্থাপন কৰে।