September 30, 2026 10:59 AM

views 8

ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় ৪,০০০ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ

স্তনৰ কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰি মহিলাসকলৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যজুৰি বিনামূলীয়া মেম’গ্ৰাফি পৰীক্ষা অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি এখন সংবাদমেলত এইকথা সদৰি কৰে। ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে ৩ হাজাৰ ৬০০ৰ পৰা ৪ হাজাৰ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেচনৰ উদ্যোগত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ অধীনত ৪০ বছৰ বা তাতকৈ অধি...

August 4, 2026 6:49 PM

views 25

অহা ৪ মাহৰ ভিতৰত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা

অহা ৪ মাহৰ ভিতৰত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। আজি তামুলপুৰৰ কচুবাৰীত নির্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খন স্বাস্থ্য মন্ত্রী শ্রীসিংহল আৰু জিলাখনৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনৰ ৯০ শতাংশ নির্মাণকার্য সম্পূর্ণ হৈছে আৰু অহা ৪ মাহৰ ভিতৰত বাকী ১০ শতাংশ কাম সম্পূৰ্ণ হ'ব বুলি শ্রীসিংহলে প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ পাছত আন্তঃবিভাগত ৰোগী চোৱা কাম আৰম্ভ হ'ব। ভাৰতীয় চিকিৎসা পৰিষদৰ অনুমোদন লাভ কৰা...

July 31, 2026 8:52 PM

views 27

বানৰ পাছৰ সময়ত হ’ব পৰা সংক্রমণজনিত ৰোগৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক সতর্ক হ’বলৈ স্বাস্থ্যমন্ত্রী অশোক সিংহালৰ আহ্বান

স্বাস্থ্যমন্ত্রী অশোক সিংহালে বানৰ পাছৰ সময়ত হ'ব পৰা সংক্রমণজনিত ৰোগৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক সতর্ক হ'বলৈ আহ্বান জনাইছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে বানৰ কবলত পৰা অঞ্চলসমূহত জিলা দুর্যোগ প্রশমন প্রপ্ৰাধিকৰণৰ সহযোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰাৰ লগতে কেতবোৰ স্বাস্থ্য সুৰক্ষাৰ বিধি নিৰ্দেশ কৰিছে।  এই বিধি অনুযায়ী আৱৰ্জনা বা মৃত জীৱ-জন্তু স্পৰ্শ কৰিবলৈ হাত মোজা পিন্ধাৰ অনুৰোধ কৰা হৈছে। ইয়াৰ লগতে স্বাস্থ্য বিভাগে বানত ভিজা ঔষধ পুনৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।

July 27, 2026 8:30 PM

views 23

স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকর্মী নিয়োগ কৰিছেঃ স্বাস্থ্যমন্ত্রী অশোক সিংহল

স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকর্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্রী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্যশিবিৰ মুকলি কৰি বানৰ কৱলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে।

July 27, 2026 7:56 PM

views 19

ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ স্বাস্থ্য সেৱা ব্যৱস্থা পর্যালোচনা কৰাৰ লক্ষ্যৰে মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী নাগৰিকলৈ গুণগত সুলভ আৰু সময় উপযোগী স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ দিছপুৰত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়।  স্বাস্থ্য আৰু পৰিয়ালকল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দুয়োখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্রিক অগ্ৰগতিৰ পর্যালোচনাৰ বিষয়ে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত স্বাস্থ্য বিভাগৰ বিভিন্ন অগ্ৰাধিকাৰমূলক আঁচনিৰ ৰূপায়ণৰ স্থিতি বিষদভাৱে পৰ্যালোচনা কৰাৰ লগতে জনস্বাস্থ্য ব্যৱস্থা অধিক শক্তিশালী কৰাৰ ...

July 25, 2026 12:57 PM

views 20

ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপ-কেন্দ্ৰত এগৰাকীকৈ এমবিবিএছ চিকিৎসক নিয়োগ কৰা হ’বঃ স্বাস্থ্যমন্ত্ৰী অশোক সিংহল

ৰাজ্যৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা অধিক শক্তিশালী কৰিবলৈ প্ৰতিটো স্বাস্থ্য উপ-কেন্দ্ৰত এগৰাকীকৈ এম বি বি এছ চিকিৎসক নিয়োগ কৰাৰ কথা ঘোষণা কৰা হৈছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি বিধানসভাত প্ৰকাশ কৰে। বিধায়ক বদৰুদ্দিন আজমলে সোধা এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে গ্রামাঞ্চলৰ স্বাস্থ্যকেন্দ্ৰসমূহত প্রয়োজনীয় চিকিৎসা কৰাব পৰাকৈ সকলোধৰণৰ ঔষধ প্ৰদান কৰা হয়, যাতে ৰোগীয়ে কোনো প্ৰাথমিক চিকিৎসাৰ পৰা বঞ্চিত নহয় ।

July 21, 2026 12:22 PM

views 19

বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশ

ৰাজ্যৰ স্বাস্থ্য সেৱাক আৰু অধিক উন্নত আৰু জনমুখী কৰাৰ লগতে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাকলৈ কালি স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ সভাপতিত্বত এখন গুৰুত্বপূর্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়।  সভাত জিলাকেইখনৰ স্বাস্থ্য সেৱাৰ সামগ্ৰিক অৱস্থা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপলব্ধতা, বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ ৰূপায়ণ আৰু জনসাধাৰণক আগবঢ়োৱা চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিস্তৃ...

July 17, 2026 12:07 PM

views 39

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল চলিত বৰ্ষৰ শেষ ভাগলৈ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি স্বাস্থ্য মন্ত্রী অশোক সিংহলে প্রকাশ কৰিছে। কলাক্ষেত্ৰত কালি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত শ্ৰী সিংহলে কয়, যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ স্বাস্থ্যখণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে। তেওঁ কয়, যে যোৱা ১০ বছৰত ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা ১৪ লৈ...

July 9, 2026 8:14 PM

views 21

জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে ফেব্ৰুৱাৰীৰ পৰা প্ৰতিৰোধ আৰু চিকিৎসাৰ ব্যৱস্থা ৰূপায়ণ কৰি আছে। কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰে সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা বিভাগৰ মন্ত্রী অশোক সিংহলে আজি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে প্রতিখন জিলাত জাপানীজ এনকেফেলাইটিছৰ ব্যৱস্থাপনাৰ বিষয়টো তদাৰক কৰাৰ বাবে একোগৰাকীকৈ না'ডেল বিষয়া নিয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ...

July 1, 2026 8:27 PM

views 22

শিৱসাগৰৰ অসামৰিক চিকিৎসালয়, নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন মন্ত্রী অশোক সিংহলৰ

স্বাস্থ্য মন্ত্রী অশোক সিংহলে আজি শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয় আৰু নির্মীয়মান শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। শ্রীসিংহলে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কর্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু ইয়াৰ উন্নীতকৰণৰ কাম দ্রুতগতিত আগবঢ়াই নিয়াৰ আশ্বাস দিয়ে। তেওঁ লগতে এমাহৰ ভিতৰত চিকিৎসালয়খনত কেইবাটাও নতুন গোট কার্যক্ষম কৰি তোলা হ'ব বুলি জানিবলৈ দিয়ে। শ্রীসিংহলে বিগত সময়ছোৱাত জিলাখনত ৩ হাজাৰৰো অধিক সর্পদংশনত আক্রান্ত লোকৰ জীৱন ৰক্ষা কৰা হৈছে বুলি উল্লেখ কৰি এই সফলতাৰ...