September 30, 2026 10:59 AM
5
ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় ৪,০০০ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ
স্তনৰ কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰি মহিলাসকলৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যজুৰি বিনামূলীয়া মেম’গ্ৰাফি পৰীক্ষা অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি এখন সংবাদমেলত এইকথা সদৰি কৰে। ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে ৩ হাজাৰ ৬০০ৰ পৰা ৪ হাজাৰ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেচনৰ উদ্যোগত ৰূপায়ণ হ'বলগীয়া এই কাৰ্যসূচীৰ অধীনত ৪০ বছৰ বা তাতকৈ অধি...