July 21, 2026 12:22 PM | Ashok singhal

printer

বানৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগক সাজু হৈ থাকিবলৈ মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশ

ৰাজ্যৰ স্বাস্থ্য সেৱাক আৰু অধিক উন্নত আৰু জনমুখী কৰাৰ লগতে তৃণমূল পৰ্যায়লৈ ফলপ্ৰসূভাৱে সম্প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও জিলাৰ স্বাস্থ্য ব্যৱস্থাকলৈ কালি স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ সভাপতিত্বত এখন গুৰুত্বপূর্ণ পর্যালোচনা সভা অনুষ্ঠিত হয়। 

সভাত জিলাকেইখনৰ স্বাস্থ্য সেৱাৰ সামগ্ৰিক অৱস্থা, চিকিৎসা আন্তঃগাঁথনি, চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ উপলব্ধতা, বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ ৰূপায়ণ আৰু জনসাধাৰণক আগবঢ়োৱা চিকিৎসা সেৱাৰ মান সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। 

এই সভাৰ পাছতেই সাম্প্রতিক বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ লগতে যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। বৈঠকত তেওঁ সংশ্লিষ্ট সকলো বিভাগকে সষ্টম আৰু সজাগ হৈ থাকিবলৈ নির্দেশ দিয়ে। 

বানপীড়িত অঞ্চলসমূহত প্ৰয়োজনীয় ঔষধৰ পৰ্যাপ্ত মজুত নিশ্চিত কৰা, জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে বিশেষ মেডিকেল টীম গঠন কৰি সাজু কৰি ৰখা, স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা, বিশুদ্ধ খোৱাপানী আৰু পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে যিকোনো স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতিৰ তাৎক্ষণিকভাৱে মোকাবিলা কৰি বানপীড়িত লোকসকললৈ প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে ।