September 30, 2026 10:59 AM | Ashok singhal

printer

ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে প্ৰায় ৪,০০০ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ

স্তনৰ কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে চিনাক্ত কৰি মহিলাসকলৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে ৰাজ্যজুৰি বিনামূলীয়া মেম’গ্ৰাফি পৰীক্ষা অভিযান আৰম্ভ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে কালি এখন সংবাদমেলত এইকথা সদৰি কৰে। ৰাজ্যৰ ১০টা কেন্দ্ৰত প্ৰতিমাহে ৩ হাজাৰ ৬০০ৰ পৰা ৪ হাজাৰ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসম কৰ্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেচনৰ উদ্যোগত ৰূপায়ণ হ’বলগীয়া এই কাৰ্যসূচীৰ অধীনত ৪০ বছৰ বা তাতকৈ অধিক বয়সৰ মহিলাসকলক বিশেষভাৱে সামৰি লোৱা হ’ব। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অসম কর্কট ৰোগ পৰিচৰ্যা ফাউণ্ডেচনৰ অধীনত যোৱা ৪ বছৰত ৩ হাজাৰ ১৩ গৰাকী স্তনৰ কৰ্কট ৰোগীৰ চিকিৎসা কৰা হৈছে। ইয়াৰে ৭৭ শতাংশতকৈ অধিক ৰোগীৰ বয়স ৪০ৰ পৰা ৭০ বছৰৰ ভিতৰত। এই পৰিসংখ্যাই মহিলাসকলৰ মাজত বয়সভিত্তিক নিয়মীয়া পৰীক্ষা আৰু প্ৰাৰম্ভিক পৰ্যায়তে ৰোগ চিনাক্তকৰণৰ আৱশ্যকতা স্পষ্ট কৰি তুলিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া আৱাসিক নীট প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয়, যে এই সন্দৰ্ভত ছাই বিকাশৰ সৈতে চুক্তি সম্পন্ন হৈছে। এই প্রশিক্ষণ কাৰ্যসূচীৰ বাবে অহা ১১ অক্টোবৰত ৰাজ্যৰ ৫টা স্থানত বাছনি পৰীক্ষা অনুষ্ঠিত হ’ব বুলি শ্রীসিংহলে প্রকাশ কৰে। তেওঁ কয়, যে কাৰ্যসূচীৰ অধীনত প্ৰথম পৰ্যায়ত ৫০ গৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা হ’ব।